9 তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে।
তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।
মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
তোমালোকক যিহোৱাৰ পুৰোহিত বুলি মতা হ’ব; তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক’ব; তোমালোকে দেশৰ ধন-সম্পত্তি ভোগ কৰিবা, আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা।
আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব; তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।