14 যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।
ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে; এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়; তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।
কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে।
সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।
সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।
তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।
সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।