Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 16:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 16:19
16 পৰস্পৰ সংযোগসমূহ  

তুমি যদি মোৰ ছোৱালী দুজনীক বেয়া ব্যৱহাৰ কৰা নাইবা মোৰ ছোৱালীবোৰ থকাতো আন মহিলাক গ্রহণ কৰা, তেতিয়া যদিও আমাৰ ওচৰত কোনো মানুহ নাথাকিব, কিন্তু মনত ৰাখিবা ঈশ্বৰ তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”


হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।


কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।


প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।


কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?


আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,


তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।


সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)


কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি,


মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,


আপোনালোকলৈ মোৰ মৰম থকা বাবেই, মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছোঁ।


মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীচুৰ পিতৃ ঈশ্বৰ, যি জন চিৰকাল ধন্য, তেওঁ জানে।


কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই আপোনালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।


আপোনালোকৰ দৰে বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে।


আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।


তেওঁ তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী আছে, আৰু তেওঁৰ অভিষিক্ত জনো সাক্ষী হৈ আছে, যে, তোমালোকে মোৰ হাতত একো বস্তু পোৱা নাই।” তেওঁলোকে উত্তৰ দি ক’লে, “যিহোৱা সাক্ষী হৈ আছে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন