21 তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।
কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”
কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল, সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়; এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়, আৰু ধানৰ থোকৰ দৰে কটা হয়।
বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।
তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
তেওঁৰ প্ৰসৱ বেদনা দেখি, তেওঁৰ কাষত থিয় হৈ থকা মহিলাসকলে ক’লে, “ভয় নকৰিবা; তুমি এটি পুত্ৰ জন্ম দিলা।” কিন্তু তেওঁ মুখেৰে একো উত্তৰ নিদিলে আৰু তেওঁলোকে কোৱা কথালৈ মন নিদিলে।