9 তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।
কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?
নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।
ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।
হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;
তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।
মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।