11 জিভাই যেনেকৈ আহাৰৰ আস্বাদ পায়, তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?
কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে।
মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?
মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷
মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক৷
কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালে৷