Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 1:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 1:5
36 পৰস্পৰ সংযোগসমূহ  

সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে কাঠো কাটি ল’লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে।


যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।


তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।


“তোমাৰ নাম ইস্ৰায়েল হ’ব”, এই বুলি যি যাকোবৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিছিল, তেওঁৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই বাৰটা শিল ল’লে।


তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।


আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।


পুৰোহিত আৰু লেবীয়াসকলে তেওঁলোকক শুচি কৰিলে; আৰু তাৰ পাছত তেওঁলোকে লোকসকলক, দুৱাৰবোৰ, আৰু দেৱাল শুচি কৰিলে।


কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”


তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে।


পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।”


সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?


যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।


এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”


নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।


তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,


হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।


তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।


যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।


তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।


তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।


হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?


তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।


আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্র আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ।


তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’


ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।


তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উ‌‌ৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।


তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।


এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।


কিয়নো মই আপোনালোকক ঐশ্বৰিক অন্তৰ্জ্বালাৰে ঈর্ষা কৰোঁ; কাৰণ খ্ৰীষ্টৰ হাতত নিৰ্দোষী কন্যা স্বৰূপে সমৰ্পণ কৰিবৰ হাবিয়াহেৰে, আপোনালোকক একমাত্ৰ স্বামীলৈ, অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলোঁ।


সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।


তেওঁ ক’লে, “শান্তি হওক; মই যিহোৱাৰ উদ্দেশে বলিদান দিবলৈ আহিছোঁ। বলিদানৰ অৰ্থে তোমালোকে নিজকে পবিত্ৰ কৰি মোৰ লগত আহাঁ।” আৰু তেওঁ যিচয়ক আৰু তেওঁৰ পুত্ৰসকলক পবিত্ৰকৃত কৰিলে আৰু বলিদানৰ কাৰণে নিমন্ত্ৰণ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন