Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 1:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 1:3
34 পৰস্পৰ সংযোগসমূহ  

চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।


অব্ৰামে তেওঁৰ ভার্য্যা চাৰী আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ’ল। তেওঁৰ সকলো উপাৰ্জিত ধন, সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাসবোৰক লৈ কনান দেশ অভিমুখে যাত্রা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে।


অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।


যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।


কিন্তু উপপত্নীৰ সন্তান সকলকো তেওঁ জীৱিত কালত অলপ অলপ দানস্বৰূপে দিলে। এই সন্তান সকলক তেওঁ তেওঁৰ পুত্ৰ ইচহাকৰ ওচৰৰ পৰা দূৰ কৰি পূবফালৰ দেশলৈ পঠাই দিলে।


পাছত যাকোবে যাত্ৰা কৰি কৰি পূৱদেশীয় লোকসকলৰ দেশ পালেগৈ।


দুশ মাইকী ছাগলী আৰু বিশটা মতা ছাগলী, দুশ মাইকী মেৰ-ছাগ আৰু বিশটা মতা মেৰ-ছাগ,


তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।”


সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল;


তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।


মনহেমে এই ধন ইস্রায়েলত থকা প্রত্যেক ধনী-প্রতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অচুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে পঞ্চাশ চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অচূৰৰ ৰজাই ইস্রায়েল দেশ এৰি গুছি গ’ল।


মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।


উটবোৰৰ দ্বয়ীত্বত ইশ্মায়েলীয়া অবীল আছিল, আৰু গাধীবোৰৰ দ্বায়ীত্বত মেৰোনোথীয়া যেহদিয়া আছিল।


তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাদ খান্দিছিল; কাৰণ তেওঁৰ নিম্ন ভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল৷ পৰ্বতত আৰু পথাৰবোৰত তেওঁৰ খেতিয়কসকল আৰু দ্ৰাক্ষাখেতি কৰোঁতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম ভাল পাইছিল।


লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু ষাঁড়-গৰু, মেৰ-ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল।


আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে।


তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে।


কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?


মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।


মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,


তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।


যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।


এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।


যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।


বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।


তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’


ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।


তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।


সেই উপত্যকাৰ মাজত মিদিয়নীয়া, অমালেকীয়া, আৰু পুব দেশীয় লোকসকলৰ ঘনবসতি ফৰিঙৰ জাকৰ দৰে আছিল। তেওঁলোকৰ উটবোৰৰ সংখ্যা গণিব নোৱাৰা সমুদ্রৰ তীৰৰ বালিৰ দৰে অগণন আছিল।


সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।


সেই সময়ত মায়োনৰ এজন মানুহ আছিল, তেওঁৰ সম্পত্তি কৰ্মিলত আছিল। তেওঁ ধনৱান লোক আছিল। তেওঁৰ তিনি হাজাৰ মেৰ-ছাগ আৰু এক হাজাৰ ছাগলী আছিল; তেওঁ কৰ্মিলত নিজৰ ভেড়াবোৰৰ নোম কাটি আছিল।


দায়ূদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ-মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰ-ছাগ, গৰু, গাধ, উট, আৰু কাপোৰ আদি লৈ আখীচৰ ওচৰলৈ উভতি আহিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন