23 লেবী সকলৰ অনেকেই এজনৰ পাছত আন জন পুৰোহিত হ’ল আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচর্যা কৰি যাব নোৱাৰিলে।
এফালে দেখা যায়, যি সকলে দশম ভাগ পায়, তেওঁলোক মৃত্যুৰ অধীন মানুহ; কিন্তু আনফালে, যি জনে অব্রাহামৰ পৰা দহ ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে।
কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
ঈশ্বৰে যীচুক মহা-পুৰোহিত কৰাৰ সময়ত এক শপত খালে - “প্রভুৱে শপত খালে আৰু তেওঁ এই বিষয়ত নিজৰ মন পৰিৱর্তন নকৰিব: ‘তুমি চিৰকালৰ এজন পুৰোহিত’।”
এই শপতৰ দ্বাৰাই যীচু উত্তমতাৰ এক বিধানৰ জামিনদাৰী হ’ল।
কিন্তু যীচু চিৰকাল জীৱিত আছে বাবে তেওঁৰ পুৰোহিত পদো চিৰস্থায়ী।