15 মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।
কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ; কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে।
যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।
কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?
তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়, নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)
সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।
সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব।
তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
বাস্তৱিক এই কথা নিশ্চিত যে, যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে।