15 শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক।
হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।
যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!
প্ৰভু যিহোৱা মোৰ বল; আৰু তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ দৰে কৰিছে, আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব। সংগীত পৰিচালকলৈ; মোৰ তাৰযুক্ত বাদ্যেৰে।
আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;
আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; যিমানদিন তোমাৰ আয়ুস থাকিব, সিমানদিন তোমাৰ শক্তি থাকিব।”