13 পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়
তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব।
যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।
এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।
কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”