ইজ্ৰা 9:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20198 তথাপিও এতিয়া কিছু সময়ৰ কাৰণে, আমাৰ কিছুমান জীৱিত লোকৰ ওপৰত ঈশ্ৱৰ যিহোৱাৰ অনুগ্রহ অৱস্থিত হ’ল আৰু তেওঁৰ পবিত্র স্থানত নিৰাপদে আমাৰ ভৰি স্থিৰ কৰিলে। ঈশ্বৰে আমাৰ চকু দিপ্তিময় কৰা বাবে আৰু আমাক বন্দীত্বৰ পৰা অলপ সকাহ দিয়াৰ কাৰণে এই সকলো হ’ল। অধ্যায়টো চাওক |
আমি বন্দী হৈ আছিলোঁ, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে, তেওঁ আমাৰ বাবে বিশ্ৱাসৰ গুৰুত্বপূৰ্ণ প্রতিশ্রুতি আগবঢ়ালে। আমি ধংস হৈ যোৱা আমাৰ ঈশ্ৱৰৰ গৃহ যাতে পুনৰ নিৰ্ম্মাণ কৰিব পাৰোঁ, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে, তাতে আমি যিহূদা আৰু যিৰূচালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাতিলোঁ।
তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।