Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 8:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 8:17
16 পৰস্পৰ সংযোগসমূহ  

যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক হ’ল: চীহা, হচুফা, টব্বায়োৎ,


অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।


এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্থৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।


তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;


ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল।


চলোমনৰ দাসবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোক সৰ্ব্বমুঠ তিনিশ বিৰানব্বৈ জন আছিল।


ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।


তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।


মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।


আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।


তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।


তেওঁলোকৰ নগৰত পুনৰ প্ৰথমবাৰ বাস কৰা কিছুমান লোক হ’ল ইস্ৰায়েলীয়াসকল, পুৰোহিতসকল, লেবীয়াসকল, আৰু মন্দিৰৰ দাস সকল।


সেয়ে, ইলীয়েজৰ, অৰীয়েল, চময়িয়া, ইলনাথন, যাৰীব, ইলনাথন, নাথন, জখৰিয়া, আৰু মচুল্লম, এই মূখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ; যোয়াৰিব আৰু ইলনাথন, এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন