Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 6:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক। সেইবোৰ যিৰূচালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক।’

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 6:5
12 পৰস্পৰ সংযোগসমূহ  

বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেম মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবূখদনেচৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেই বাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে।


ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল, সেইবোৰ নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰচ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ চেচবচৰক সেইবোৰ পুনৰ গতাই দিয়ে।


পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।


আৰু চৰিয়া, আঙঠা ধৰা, তেজপেলোৱা পাত্ৰ, ছাঁই পেলোৱা পাত্ৰ, দীপাধাৰ, পিয়লা, বাটি আদি কৰি সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰ ৰূপ ৰক্ষক-সেনাপতিয়ে লৈ গ’ল।


পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।


যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।


প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।


আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন