Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 6:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 মই আজ্ঞা কৰিছোঁ, যে, যি কোনোৱে এই আজ্ঞা লঙ্ঘন কৰিব, তাৰ ঘৰৰ চালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আৰি থোৱা হ’ব আৰু সেই দোষৰ বাবে তেওঁৰ ঘৰ জাবৰৰ দ’ম কৰা হ’ব।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 6:11
7 পৰস্পৰ সংযোগসমূহ  

সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।”


ৰজাই জ্ঞানী লোকসকলক উত্তৰ দিলে, “এই বিষয়ে স্থিৰ কৰা হৈছে যে, আপোনালোকে যদি সপোন আৰু তাৰ ফলিতা মোক ক’ব নোৱাৰে, তেনেহ’লে আপোনালোকৰ শৰীৰ ডোখৰ ডোখৰ কৈ কটা যাব, আৰু আপোনালোকৰ ঘৰবোৰ গোবৰৰ দ’ম যেন কৰা হ’ব।


যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”


তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।


তেতিয়া ইষ্টেৰে উত্তৰ দিলে, “যদি ৰজাই ভাল দেখে, তেনেহলে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব।”


তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।


আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন