Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 5:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তেতিয়া তেওঁলোকে উত্তৰ দি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্ৱৰ তেওঁৰ আমি দাস, আমি এই গৃহ পুনৰ নিৰ্ম্মাণ কৰি আছোঁ। যি গৃহ বহু বছৰৰ আগতেই ইস্ৰায়েলৰ এজন মহান ৰজাই নিৰ্ম্মাণ কৰি সম্পূৰ্ণ কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 5:11
17 পৰস্পৰ সংযোগসমূহ  

কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।


মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?


কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।


কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;


মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।


এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম;


তেতিয়া যোনাই তেওঁলোকক ক’লে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।”


তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।


তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।


যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”


আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।


লগতে যি সকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ।


স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।


মই তোমাক স্বর্গ আৰু পৃথিৱীৰ ঈশ্বৰ যিহোৱাৰ নামেৰে শপত দিছো। এই যি কনানীয়া লোকৰ মাজত বাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ বিয়াৰ বাবে ইহঁতৰ কোনো ছোৱালী নানিবা,


যিহোৱাৰ মন্দিৰ আৰু ৰাজগৃহ, এই দুটা সাজি শেষ কৰিবলৈ চলোমনৰ বিশ বছৰ লাগিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন