Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 4:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 সেয়ে মই বুজ-বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে, আগৰে পৰাই তেওঁলোক বিদ্রোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 4:19
10 পৰস্পৰ সংযোগসমূহ  

বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ; কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ।


সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।


এতিয়া যদি মহাৰাজৰ দৃষ্টিত ভাল দেখে, তেনেহলে কোৰচ ৰজাই যিৰূচালেমত ঈশ্বৰৰ গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিয়াৰ কথা বিচাৰ কৰিবলৈ মহাৰাজে বাবিলত থকা ৰাজভঁৰালৰ নথি-পত্রৰ বুজ-বিচাৰ কৰি চাওঁক। তাৰ পাছত মহাৰাজে তেওঁৰ সিদ্ধান্ত আমালৈ লিখি পঠাওঁক।”


আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।


যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।


তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,


তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে।


পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন