16 আমি মহাৰাজক জনাও যে, যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্ম্মাণ কৰা হয় তেনেহ’লে মহা নদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ৱ নাথাকিব।”
পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।