Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইজ্ৰা 1:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 সৰ্ব্বমুঠ সোণৰ আৰু ৰূপৰ বস্তু পাঁচ হাজাৰ চাৰিশ আছিল। বন্দীত্বত থকা লোকসকলক বাবিলৰ পৰা যিৰূচালেমলৈ ওভতাই অনা সময়ত চেচবচৰে এই সামগ্রী সমূহ লগত লৈ আহিল।

অধ্যায়টো চাওক কপি কৰক




ইজ্ৰা 1:11
11 পৰস্পৰ সংযোগসমূহ  

আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,


সোণৰ বাটি ত্ৰিশটা, ৰূপৰ সৰু বাটি চাৰিশ দহটা, আৰু আন আন সামগ্রী এক হাজাৰ।


যি লোক সকলক ৰজা নবূখদনেচৰে বন্দী কৰি লৈ গৈছিল, তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ যিৰূচালেম আৰু যিহূদালৈ উভতি আহিল।


বন্দিত্ৱৰ পৰা উভতি অহা লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিছে বুলি যিহূদা আৰু বিন্যামীনৰ কিছুমান শত্ৰুৱে শুনিলে।


সেয়ে প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা বন্দীত্বৰ পৰা অহা লোকসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।


হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।


ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল।


যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।


এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন