13 কিন্তু বৈৎএলত হলে পুনৰ ভাৱবাণী প্ৰচাৰ নকৰিবা; কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ।”
“কিন্তু তোমালোকে সেই নাচৰীয়সকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাববাদীসকলক নিষেধ কৰিলা।
পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।
তেওঁ তাৰে এটা বৈৎএলত আৰু আনটো দানত স্থাপন কৰিলে।
সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷
তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।
“এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”
তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খুচামোদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
কিয়নো মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎএলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব।
কিন্তু বৈৎএলক বিচাৰি নাযাব; গিলগলত নোসোমাবা, আৰু বেৰ-চেবালৈ নাযাবা; কিয়নো গিলগল অৱশ্যেই বন্দী হ’ব, আৰু বৈৎ-এলৰ সর্বনাশ হ’ব।
ইচহাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ’ব আৰু ইস্রায়েলৰ পূণ্যধামবোৰ উচ্ছন্ন হ’ব; মই তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।”
তেনেহ’লে এতিয়া আপুনি যিহোৱাৰ বাক্য শুনক; আপুনি কৈছে, ‘ইস্ৰায়েলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইচহাকৰ বংশৰ বিৰুদ্ধেও প্রচাৰ নকৰিবা।’
তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।
এই গৃহ চীলোৰ দৰে হ’ব আৰু এই নগৰ উচ্ছন্ন হৈ নিবাসী-শূন্য হ’ব বুলি কৈ, তুমি যিহোৱাৰ নামেৰে কিয় ভাববাণী প্ৰচাৰ কৰিছা?” সেই কাৰণে সকলো প্ৰজাই যিহোৱাৰ গৃহত যিৰিমিয়াৰ আগত গোট খালে।