Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আমো 6:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 কিয়নো চোৱা, যিহোৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চূৰমাৰ হ’ব আৰু সৰু সৰু ঘৰ টুকুৰা-টুকুৰ কৰা হ’ব।

অধ্যায়টো চাওক কপি কৰক




আমো 6:11
21 পৰস্পৰ সংযোগসমূহ  

তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।


তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।


তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।


তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল।


এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে।


মই মোৰ পবিত্ৰীকৃত লোকসকলক আদেশ দিলোঁ; হয়, মই মোৰ ক্ৰোধ কাৰ্যকাৰী কৰিবলৈ মোৰ পৰাক্রমী লোক এনে কি, গৰ্বেৰে উল্লাস কৰা সকলকো মাতিলোঁ।


সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।


চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।


মই জাৰকাল কটোৱা ঘৰ আৰু জহকাল কটোৱা ঘৰ ভাঙি পেলাম; হাতী দাঁতৰ শিল্পকার্য কৰা ঘৰবোৰ নষ্ট কৰা হ’ব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ’ব।” যিহোৱাই এই কথা কৈছে।


তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।


বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”


মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব।


মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইস্রায়েল বংশক চালিম; কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব।


আৰু হে নীনবি নগৰ, তোমালোকৰ বিষয়ে যিহোৱাই আজ্ঞা দিছে যে, তোমালোকৰ কোনো বংশধৰৰ নাম ৰখা নাযাব; মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা-মূৰ্ত্তি আৰু সাঁচত ঢলা মূৰ্ত্তিবোৰ উচ্ছন্ন কৰিম; মই তোমালোকৰ মৈদাম খান্দিম, কিয়নো তোমালোক পাপিষ্ঠ।


কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।


যদিও ইদোমে কৈছে, “আমাক চূর্ণ-বিচূর্ণ কৰা হ’ল; কিন্তু আমি ধ্বংসস্থানবোৰ পুনৰায় সাজিম;” সেয়ে, বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোকে সাজিব পাৰে, কিন্তু মই ভাঙি পেলাম; লোক সকলে তেওঁলোকক ‘দুষ্টতাৰ দেশ’ আৰু ‘যিহোৱাই চিৰকাল ক্ৰোধ কৰা জাতি বুলি’ ক’ব।


সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন