Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আমো 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 সেই কাৰণে, হে ইস্ৰায়েলৰ লোক সমূহ, মই তোমালোকলৈ ভয়ানক কিবা এটা ব্যৱহাৰ কৰিম; মই ভয়ানক ব্যৱহাৰ কৰিম বাবে হে ইস্রায়েলবাসী, তোমালোকে নিজ ঈশ্বৰৰ লগত সাক্ষাৎ হ’বলৈ যুগুত হোৱা।

অধ্যায়টো চাওক কপি কৰক




আমো 4:12
20 পৰস্পৰ সংযোগসমূহ  

হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, উত্তম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা।


তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।


দেশবাসীসকলে তোমাৰ সাক্ষাতে কঁপিবলৈ তোমাৰ শত্ৰুবোৰৰ আগত তোমাৰ নাম জনাবলৈ, অগ্নিয়ে জেং খৰি পোৰাৰ দৰে, আৰু জুয়ে পানী উতলোৱাৰ দৰে তুমি নামি আহিলে, কেনে ভাল আছিল।


এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবা নে? মোৰেই আগত তোমালোকে কম্পিত নহ’বা নে? তোমালোকে এই কথা শুনা, যিহোৱাই কৈছে, যি জনাই চিৰস্থায়ী আদেশেৰে সাগৰৰ সীমা বালিৰে এনেকৈ স্থিৰ কৰিলে, যে, সি তাক পাৰ হব নোৱাৰে, আৰু তেওঁৰ ঢৌবোৰে আস্ফালন কৰিলেও, সেইবোৰে পৰাজয় কৰিব নোৱাৰে, আৰু গৰ্জ্জন কৰিলেও, তাক অতিক্ৰম কৰিব নোৱাৰে।


যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই;


আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।


পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।


সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;


এতেকে তোমালোকো যুগুত হৈ থাকা; কিয়নো যি সময় তোমালোকে নাভাবা, সেই সয়তে মানুহৰ পুত্ৰ আহিব।


তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।


এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম, আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন