আমো 3:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201913 বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া। অধ্যায়টো চাওক |
তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”