7 তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।
কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
তেতিয়া আহাবে খঙীয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজ-গৃহলৈ ঘূৰি আহিল; কিয়নো যিজ্ৰিয়েলীয়া নাবোতে তেওঁক এই কথাষাৰেৰে উত্তৰ দিছিল বোলে, “মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ।” তেওঁ নিজ শয্যাত বাগৰ দি, মুখ ঘূৰাই, অনাহাৰে থাকিল।
পক্ষপাত কৰা ভাল নহয়; কিন্তু এডোখৰ ৰুটিৰ বাবেও মানুহে ভুল কৰে।
অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে।
তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা।
তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।
ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
হে চমৰিয়াৰ পৰ্বতত বাস কৰা বাচানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা। তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, “আমাৰ কাৰণে পানীয় আনা।”
তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।
কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।
তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে।
তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; তুমি তেওঁলোকৰ তৰুণ সন্তান সকলৰ পৰা মোৰ আশীৰ্ব্বাদ চিৰকাললৈকে কাঢ়ি লৈছা।
তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷
আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।