Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আমো 2:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 সেইবাবে মই মোৱাবৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেয়ে কৰিয়োতৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব; যুদ্ধৰ ধ্বনি আৰু ভীষণ শিঙাৰ শব্দেৰে সৈতে কোলাহলৰ মাজত মোৱাবৰ পতন হ’ব।

অধ্যায়টো চাওক কপি কৰক




আমো 2:2
8 পৰস্পৰ সংযোগসমূহ  

কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।


কৰিয়োৎ আৰু বস্ৰা দূৰত কি ওচৰত থকা মোৱাবদেশীয় সকলো নগৰৰ ওপৰলৈ দণ্ড আহিল।


সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।


হিচবোনত এনে চিঞঁৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়ালিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জল সমূহো মৰুভূমি হ’ব।


কাৰণ ঘোৰ যুদ্ধত সুসজ্জিত থকা সৈন্যৰ সকলো প্ৰকাৰৰ সাজ, আৰু তেজেৰে লেটিপেটি হোৱা পোচাক, জুইৰ বাবে ইন্ধনৰ দৰে পোৰা যাব।


পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।


প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”


সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন