Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আমো 2:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;

অধ্যায়টো চাওক কপি কৰক




আমো 2:14
9 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।


সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।


বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।


কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।


মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।


পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।


তেওঁ শক্তিশালী সৈন্যবোৰৰ ওপৰত হঠাৎ বিনাশ উপস্থিত কৰায়, তাতে দুৰ্গবোৰৰ ওপৰলৈ ধ্বংস নামি আঁহে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন