আমো 2:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201913 চোৱা, শস্যভৰা গাড়ীৰ তলত শস্য পৰিলে যেনেকৈ গুড়ি হয়, তেনেকৈ এতিয়া মই তোমালোকক পিহি গুড়ি কৰিম। অধ্যায়টো চাওক |
আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”