Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 9:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে।

অধ্যায়টো চাওক কপি কৰক




আদি 9:23
11 পৰস্পৰ সংযোগসমূহ  

হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷


তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।


বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।


সকলোকে সমাদৰ কৰক৷ ভাইমাত্ৰকে প্ৰেম কৰক৷ ঈশ্বৰৰলৈ ভয় ৰাখক৷ ৰজাক সমাদৰ কৰক।


পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা।


যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।


বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷


যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।


তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।


তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।


পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন