Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 8:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 নোহে আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক উড়ুৱাই পঠালে; কিন্তু এইবাৰ তাই আৰু তেওঁৰ ওচৰলৈ পুনৰ উভটি নাহিল।

অধ্যায়টো চাওক কপি কৰক




আদি 8:12
12 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত তেওঁ আৰু সাত দিন অপেক্ষা কৰি পুনৰ সেই কপৌজনীক জাহাজৰ পৰা উড়ুৱাই পঠালে।


সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে।


তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।


সেই দিনা এই দৰে কোৱা হ’ব, “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আৰু এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈ অপেক্ষা কৰি আছিলোঁ, আমি তেওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰিম।


হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।


তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।


যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম।


হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা আৰু গাতৰ মুখৰ কিনাৰত বাহ সজা কপৌটিৰ দৰে হোৱা।


কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন