Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 49:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 49:33
22 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।


অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।


স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,


বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।


তাতে যাকোব মিচৰ দেশলৈ গ’ল। সেই ঠাইতে তেওঁৰ আৰু আমাৰ পিতৃপুৰুষ সকলো মৰিল।


“হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক।


মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।


কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।


কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?


ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।


পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।


ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।


ইশ্মায়েল 137 বছৰ জীয়াই আছিল। পাছত তেওঁ মৃত্যু বৰণ কৰিলে আৰু নিজৰ মৃত পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।


তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”


সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”


তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে।


পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”


পাছত ইলীচাৰ মৃত্যু হ’ল আৰু তেওঁক মৈদাম দিয়া হ’ল। বছৰৰ আৰম্ভণিতে মোৱাবীয়া দলবোৰ ইস্ৰায়েল দেশত সোমাল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন