16 দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
তেতিয়া ৰাহেলে ক’লে, “ঈশ্বৰে মোৰ কথা শুনি সুবিচাৰ কৰিলে। তেওঁ নিশ্চয়কৈ মোৰ কাকুতি শুনিলে আৰু মোক এটি পুত্ৰ দিলে।” সেয়ে তেওঁ সেই পুত্রৰ নাম দান ৰাখিলে।
সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল।
দানৰ বিষয়ে মোচিয়ে ক’লে, “দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
পলেষ্টীয়াসকলৰ দিনত তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।