Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 48:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 তোমাক মই তোমাৰ ভাই-ককাইসকলতকৈ অধিক দিলোঁ, মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াসকলৰ পৰা যি পাহাৰ লৈছিলোঁ, সেয়া মই তোমাক বেচিকৈ দিছোঁ।”

অধ্যায়টো চাওক কপি কৰক




আদি 48:22
12 পৰস্পৰ সংযোগসমূহ  

তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।”


পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তান সকলৰ পৰা কিনি ললে।


নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান মেৰ-ছাগ, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ’ল।


তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,


যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।


প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব।


ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ।


তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।


কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।


ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।


এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন