26 পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল।
কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে।
এই কাৰণে মই জাতি সমূহৰ মাজৰ অতি দুষ্টবোৰক আনিম আৰু তেওঁলোকে তেওঁলোকৰ ঘৰবোৰ অধিকাৰ কৰি ল’ব আৰু মই বলৱানসকলৰ গৰ্ব্ব খৰ্ব্ব কৰিম; কিয়নো তেওঁলোকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব!
তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।”
যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”
ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক।
আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব।
প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।