Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 47:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।”

অধ্যায়টো চাওক কপি কৰক




আদি 47:19
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে।


আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে,


আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।


তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।


কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?


যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?”


সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই।


তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল।


এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন