Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 46:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 যোচেফে নিজৰ ৰথ সজালে আৰু তেওঁৰ পিতৃ ইস্ৰায়েলৰ সৈতে সাক্ষাত কৰিবলৈ গোচনলৈ গ’ল। পিতৃক দেখা পায়েই যোচেফে তেওঁৰ ডিঙিত সাবটি ধৰি বহু সময় কান্দিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 46:29
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।


তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।


নিজ ভায়েকক দেখি মৰমতে যোচেফৰ অন্তৰ শোকত ভাগি পৰিল। তেওঁ কান্দিবলৈ ঠাই বিচাৰি বেগাবেগিকৈ সেই ঠাইৰ পৰা ওলাই গ’ল আৰু নিজৰ কোঁঠালিত সোমাই কান্দিবলৈ ধৰিলে।


এতিয়া তোমাক মই আদেশ দিছো, ‘তুমি তোমাৰ ভাই-ককাইসকলক ক’বা: ‘তোমালোকৰ ল’ৰা-ছোৱালী, ভার্য্যাসকলৰ কাৰণে মিচৰ দেশৰ পৰা কিছুমান পশুৱে টনা গাড়ী লৈ যোৱা আৰু তোমালোকৰ পিতৃক লৈ ঘূৰি আহাঁ।


তাৰ পাছত তেওঁ চিঞঁৰি চিঞঁৰি ইমানকৈ কান্দিব ধৰিলে যে, মিচৰীয়সকলে তেওঁৰ কান্দোন শুনা পালে আৰু ফৰৌণৰ ঘৰত থকা লোকসকলেও শুনা পালে।


পাছত ইস্ৰায়েলৰ পুত্ৰসকলে তেনেকৈয়ে কৰিলে; ফৰৌণৰ আদেশ অনুসাৰে যোচেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে।


ইস্ৰায়েলে যোচেফক ক’লে, “তুমি যে এতিয়াও জীয়াই আছা, আৰু মই যে তোমাৰ শ্রীমুখ নিজ চকুৰে দেখিলোঁ; এতিয়া মই মৰিবলৈ প্রস্তুত আছোঁ।”


তেওঁৰ লগত ৰথ, আৰু অশ্বাৰোহীসকল গ’ল। এইদৰে সকলো মিলি এটা অতি বৃহৎ দল হ’ল।


পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।


পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন