Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 45:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 তেওঁ তেওঁলোকৰ প্রত্যেককে এযোৰকৈ পোছাক দিলে; কিন্তু বিন্যামীনক হ’লে তেওঁ তিনিশ চেকল ৰূপৰ মুদ্ৰা আৰু পাঁচ যোৰ পোছাক দিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 45:22
7 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত যোচেফে তেওঁৰ নিজৰ সন্মুখৰ আহাৰৰ পৰা কিছু ভাগ ভায়েক-ককায়েকসকলক দিবলৈ দিলে। কিন্তু আন সকলো ভায়েক-ককায়েকসকলৰ ভাগতকৈ বিন্যামীনক পাঁচ গুণ অধিক দিয়া হ’ল। এইদৰে তেওঁলোকে যোচেফৰ সৈতে ভোজন-পান কৰি আনন্দ কৰিলে।


তাৰ পাছত তেওঁৰ পিতৃৰ কাৰণে তেওঁ এইখিনি বস্তু পঠালে: দহটা গাধ আৰু দহজনী গাধী। এই দহটা গাধৰ পিঠিত মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰ বোজাই কৰা আছিল আৰু গাধীবোৰৰ পিঠিত আছিল পিতৃৰ বাটৰ বাবে শস্য, পিঠা অাৰু আন আন খোৱা বস্তু সমূহ।


“তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।


তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, ভাই আৰু ভনী সকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হব লাগিব।


পাছত চিমচোনে তেওঁলোকক ক’লে, “মই তোমালোকক এটি সাঁথৰ কওঁ, তোমালোকে উৎসৱৰ এই সাত দিনৰ ভিতৰতে যদি মোক তাৰ অৰ্থ ঠিক ৰূপে বুজাই ক’ব পাৰা, তেন্তে মই তোমালোকক গাত লোৱা শণৰ ত্ৰিশ খন বস্ত্ৰ আৰু ত্ৰিশ যোৰ কাপোৰ দিম।


পাছত যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলোনলৈ নামি গল আৰু সেই ঠাইৰ ত্ৰিশজন মানুহক বধ কৰি সিহঁতৰ কাপোৰ সোলোকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ সাঁথৰৰ অৰ্থ কোৱাবোৰক দিলে; আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন