34 কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”
কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”
সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ, চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো, মই দুখ-কষ্ট পাইছিলো;
মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,
‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।
তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
সেয়ে মোৰ প্ৰভু, দয়া কৰি সেই ল’ৰাৰ পৰিবর্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল’ৰা জনক তাৰ ককায়েকসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক।
তেতিয়া যোচেফে তেওঁৰ কর্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰিলে। তেওঁ চিঞঁৰি ক’লে, “মোৰ আগৰ পৰা সকলো গুছি যাওঁক।” সেয়ে ভায়েক-ককায়েকসকলৰ ওচৰত যোচেফে যেতিয়া নিজৰ পৰিচয় দিছিল, তেতিয়া তেওঁৰ কাষত কোনো দাস থিয় হৈ থকা নাছিল।