31 সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব;
তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।
তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”
এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’
কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ মন-পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।
হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।
তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো।