Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 43:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 43:28
8 পৰস্পৰ সংযোগসমূহ  

মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ; তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ’ল; তাৰ পাছত তোমালোকৰ মুঠিবোৰে মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ প্ৰণিপাত কৰিলে।”


যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।


পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।


পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”


তেতিয়া বৎচেবাই মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই সুধিলে, “তোমাক কি লাগে?”


যিহোয়াদাৰ মৃত্যুৰ পাছত, যিহূদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে৷ তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে।


মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন