44 ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”
যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।
কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’
তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।
যিহুদী মৰ্দখয় ৰজা অহচবেৰোচ দ্বিতীয় স্থানত আছিল। যিহুদী লোক সকলৰ মাজত তেওঁ মহৎ আছিল, আৰু তেওঁৰ অনেক যিহুদী ভাই সকলৰ মাজত জনাজাত আছিল। কিয়নো তেওঁ নিজৰ লোক সকলৰ হিত চিন্তা কৰিছিল; আৰু তেওঁলোকৰ শান্তিৰ বাবে কথা কৈছিল।