14 তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।
তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।
তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল।
তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।
সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।
মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”