Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 39:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল;

অধ্যায়টো চাওক কপি কৰক




আদি 39:17
15 পৰস্পৰ সংযোগসমূহ  

তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ;


যোচেফৰ প্রভু ঘৰলৈ নহা পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে।


কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”


যেতিয়া আহাবে এলিয়াক দেখিলে তেতিয়া তেওঁ ক’লে, “ইস্ৰায়েলক দুখ দিয়া লোকজন তুমি হয় নে?”


দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।


শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।


তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।


তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।


সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।


মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।


মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।


মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।


তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন