Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 38:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 পাছত যিহূদাই তেওঁৰ ভায়েক ককায়েকসকলক এৰি অদুল্লমীয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলেগৈ।

অধ্যায়টো চাওক কপি কৰক




আদি 38:1
12 পৰস্পৰ সংযোগসমূহ  

এদিন ইলীচাই খোজ কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।


তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।


মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব; ইস্ৰায়েলৰ মূখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব।


জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।


যৰ্মূত, অদুল্লম, চোকো, অজেকা,


শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।


ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।


যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।


লিব্‌নাৰ ৰজা, অদুল্লমৰ ৰজা,


পাছত কালক্রমে যিহূদাৰ ভার্য্যা অর্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ’ল। যিহূদাৰ শোক প্রকাশৰ দিন শেষ হোৱাত, যিহূদা আৰু তেওঁৰ অদুল্লমীয়া বন্ধু হীৰা তিম্নালৈ যিহূদাৰ মেৰ-ছাগৰ নোম কটা লোকসকলৰ ওচৰলৈ গ’ল।


যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন