Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 37:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 পাছত তেওঁলোকে চোলাটো বাপেকৰ ওচৰলৈ আনি ক’লে, “এইটো আমি পালোঁ; চাওকচোন, এইটো আপোনাৰ পুত্রৰ চোলা হয় নে নহয়।”

অধ্যায়টো চাওক কপি কৰক




আদি 37:32
7 পৰস্পৰ সংযোগসমূহ  

ব’লা এতিয়াই আমি তাক বধ কৰি, কোনো এটা গাতত পেলাই দিওঁ আৰু পাছত আমি ক’ম, কোনো হিংস্র জন্তুৱে তাক খালে। তেতিয়া তাৰ সপোনবোৰ কি হয়, আমি চাম।”


বৃদ্ধ বয়সত হোৱা পুত্র দেখি ইস্ৰায়েলে যোচেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁ তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল।


তেতিয়া তেওঁলোকে এটা ছাগলী মাৰি তাৰ তেজত যোচেফৰ সেই চোলাটো জুবুৰিয়ালে।


যাকোবে চোলাটো চিনি পায় ক’লে, “এইটো মোৰ পুত্ৰৰেই চোলা হয়; কোনো হিংস্র জন্তুৱে তাক খালে; নিশ্চয়ে জন্তুটোৱে যোচেফক ডোখৰ ডোখৰ কৰি ফালি পেলালে।”


পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ’ল, তাই শহুৰেকলৈ এই বার্তা পঠালে, “মোৰ গর্ভত যিজনৰ সন্তান আছে, এইবোৰ তেওঁৰ বস্তু।” তাই আৰু ক’লে, “দয়া কৰি এই জৰীৰে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওঁক।”


কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰিটো মাৰিলে’।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন