16 যোচেফে ক’লে, “মই মোৰ ককাইহঁতক বিচাৰি আছোঁ; দয়া কৰি আপুনি মোক কবনে তেওঁলোকে ক’ত পশুৰ জাকক চৰাই আছে?”
কোনো এজন মানুহে যোচেফক পথাৰৰ মাজত ঘূৰি ফুৰা দেখি সুধিলে, “তুমি কি বিচাৰি ফুৰিছা?”
মানুহজনে ক’লে, “এই ঠাই এৰি তেওঁলোক গুছি গ’ল; মই তেওঁলোকে এইবুলি কোৱা শুনিছিলো, ‘ব’লা, আমি দোথানলৈ যাওঁ’।” তাতে যোচেফে তেওঁৰ ককায়েকসকলৰ পাছত গৈ দোথানত তেওঁলোকক বিচাৰি পালে।
হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? প্রিয়ৰ কথা:
কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”