Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 36:43 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

43 মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।

অধ্যায়টো চাওক কপি কৰক




আদি 36:43
15 পৰস্পৰ সংযোগসমূহ  

মিয়োনোথৰ পুত্র অফ্ৰা, আৰু চৰায়াৰ পুত্র যোৱাব, যিহাৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল।


তোমালোকে এচৌৰ বংশধৰৰ সৈতে যুদ্ধ নকৰিবা; কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ; এনেকি ভৰি থব পৰা ঠাইৰ পৰিমাণো নিদিওঁ। কাৰণ চেয়ীৰ এই পার্বত্য অঞ্চল মই এচৌক অধিকাৰ কৰিবলৈ দিলোঁ।


পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, তোমাৰ ভায়েৰা ইস্ৰায়েলৰ এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক তুমি জানি আছা।


তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।


গতিকে, তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে; তেওঁ মোক ফৰৌণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁৰ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিচৰ দেশৰ ওপৰত শাসনকৰ্ত্তা পাতিলে।”


এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।


তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।


চাৰাৰ দাসী মিচৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ জন্ম দিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইশ্মায়েলৰ বংশৰ বিৱৰণ এই।


কনজ, তৈমন, মিবচৰ,


যাকোব কনান দেশত বাস কৰিবলৈ ধৰিলে। তেওঁৰ পিতৃয়েও কনান দেশত বাস কৰিছিল।


মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।


চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন