12 এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।