Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 35:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 35:10
7 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।


তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।


যাকোবে তেওঁক সুধিলে, “আপোনাৰ নামটোনো কি অনুগ্রহ কৰি মোক কওঁক।” তাতে তেওঁ ক’লে, “তুমি মোৰ নাম কিয় সুধিছা?” এই কথা কৈয়ে তেওঁ যাকোবক সেই ঠাইতে আশীৰ্ব্বাদ কৰিলে।


“তোমাৰ নাম ইস্ৰায়েল হ’ব”, এই বুলি যি যাকোবৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিছিল, তেওঁৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই বাৰটা শিল ল’লে।


আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।


তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল; তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল; তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল; সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন