22 কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ চুন্নৎ হোৱা লোক, আমি প্ৰত্যেক পুৰুষেও তেনেকৈ চুন্নৎ হলেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিবাস কৰি এক জাতি হ’বলৈ মান্তি হ’ব।
তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
তেওঁলোকে ক’লে, “এই লোকসকল আমাৰ সৈতে মিলেৰে আছে; তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বৃস্তিত ঠাই আছে। তেওঁলোক ইয়াতেই থাকক আৰু বেহা-বেপাৰ কৰক। আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম।
তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।”